Courses

PIANO KIDS - নামভৰ্তী কৰণ ( Admission )

a) Piano Kids ত নামভৰ্তী কৰিব বিছৰা যি কোনো ছাত্ৰ-ছাত্ৰীৰ বয়স 6 বছৰৰ পৰা 26 বছৰৰ ভিতৰত হ’ব লাগিব। তাৰবাবে নামভৰ্তীকৰণৰ প্র-পত্ৰৰ লগত বয়সৰ চৰকাৰী নথিৰ Xerox copy আৰু এখন passport photo সংলগ্ন কৰি দিব লাগিব।

b) বছৰটোৰ যি কোনো সময়তে প্রাৰ্থীয়ে নাম ভৰ্তিকৰণৰ বাবে আবেদন কৰিব পাৰিব।

c) কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া নাম ভৰ্তীকৰণৰ মাচুল সহ প্রথম মাহৰ ফিজ্ , প্রথমতেই আদায় দিয়াটো বাধ্যতামূলক।

d) মানসিক ৰোগত ভোগী থকা অথবা শাৰিৰীক ভাবে অক্ষম, বিকলাংগ শিশু / কিশোৰক নাম ভৰ্তী কৰিবলৈ দিয়া নহব।

e) 26 বছৰ বয়সৰ ওপৰৰ লোকসকলে নামভৰ্তী কৰাৰ ক্ষেত্ৰত কোনো বাধা নাই, কিন্তু নিয়মীয়া পৰীক্ষা সমূহত তেওঁলোকে অংশ গ্রহন কৰিব নোৱাৰিব।

f) পূৰ্বতে অন্য কোনো শিক্ষানুষ্ঠানত পিয়ানো শিক্ষা গ্রহন কৰা বা ব্যক্তিগত ভাবে কাৰোবাৰ ওচৰত অৰ্ধশিক্ষা গ্রহন কৰা ছাত্ৰ-ছাত্ৰী সকলে Piano Kids ত নাম ভৰ্তি কৰিব বিছাৰিলে, তেওঁৰ পাৰদৰ্শীতাৰ এটা সাধাৰণ পৰীক্ষা গ্রহন কৰা হয় । মৰ্য্যদানুসৰি তেনে ছাত্ৰ-ছাত্ৰীক নিৰ্দিষ্ট I , II, III Level ত নাম ভৰ্তি কৰিব দিয়া হয়। Level IV বা Level V ত বাহিৰৰ কোনো ছাত্ৰ-ছাত্ৰীক পোণচাটেই নাম ভৰ্তি কৰিবলৈ দিয়া নহয়।

g) Advance study group ত কেৱল মাত্ৰ আমাৰ বিদ্যালয়ত Level V ৰ পিয়ানো শিক্ষা সমাপন কৰা ছাত্ৰ-ছাত্ৰীক নাম ভৰ্তি কৰিবলৈ দিয়া হয়।

PIANO KIDS পাঠ্যক্ৰম ( Syllabus )

A.Piano Kidsৰ পাঠ্যক্ৰমটো পাঁচটা বিভাগত ভগোৱা হৈছে। সেইবোৰ হ’ল , Level I , Level II , Level III , Level IV আৰু Level V ।

All the enrolled students should regularly attend the classes as well as regularly practice at home. This process will help them complete the syllabus and develop the piano playing proficiency skill in the timely manner.

(a) আমাৰ Level I আৰু Level II ৰ পাঠ্যক্ৰম এবছৰীয়া ,

(b) Level III আৰু Level IV ৰ পাঠ্যক্ৰম এবছৰ তিনিমহীয়া ,

(c) Level V ৰ পাঠ্যক্ৰম ওঠৰ মহীয়া ।

সকলে নিয়মিত ভাবে শ্রেণীত উপস্থিত থাকি, ঘৰত নিয়মিত ভাবে অনুশীলন অব্যাহত ৰাখিলে পাঠ্যক্ৰম যথা সময়ত সমাপ্ত কৰিব পাৰে।

Advance study group ৰ পাঠ্যক্ৰমৰ design 3 বছৰীয়া । ইয়াক Term I আৰু Term II হিচাবে ভাগ কৰা হৈছে। প্রতিটো term ৰ আৰ্হি পাঠ্যক্ৰম ডেৰ বছৰীয়া । নিয়মিত ভাবে শ্রেনীৰ উপস্থিতি আৰু practice অব্যাহত ৰাখিলেহে এই পাঠ্যক্ৰম সময় মতে শেষ হয়। অন্যথা এই সময় বেছি লাগিবওঁ পাৰে।

Piano Kids পৰীক্ষা ( Examination )

সাধাৰণতে প্রতি বছৰে জুলাই মাহৰ শেষ সপ্তাহত নতুবা আগষ্ট মাহৰ প্রথম সপ্তাহৰ ভিতৰত আমাৰ বৰ্ষাকালীন (Summer time Examination ) পৰীক্ষা সমূহ নিয়মিত ভাবে অনুষ্ঠিত হয়। একেদৰে ডিচেম্বৰ মাহৰ শেষ সপ্তাহত বা জানুৱাৰী মাহৰ প্রথম সপ্তাহৰ ভিতৰত আমাৰ শীতকালীন (Winter time examination ) পৰীক্ষা সমূহ নিয়মিত ভাবে অনুষ্ঠিত হয়। পৰীক্ষা সমূহৰ নিৰ্দিষ্ট তাৰিখ বোৰ এমাহ মানৰ আগতে সকলোকে জনোৱা হয়।

বিশদ ভাবে জানিবলৈ অনুগ্ৰহ কৰি আমাৰ পিয়ানো কিডছ ৰ Office ত যোগাযোগ কৰক 11AM -7PM [প্ৰতিটো শুকুৰবাৰে বন্ধ]

Sponsor Logos